মৃত্যুৰ ফান্দত পৰিণত হৈছে গুৱাহাটীৰ উন্মুক্ত নলাসমূহ। এজাক বৰষুণৰ পিছতে কৃত্ৰিম বানত বুৰ যোৱা মহানগৰীৰ বাট-পথৰে পাৰ হৈ যাওতে আপুনিও সাৱধান হোৱা উচিত। কি ঠিক, সেই জলমগ্ন বাটৰে কোনোবা এটা খোজত ৰৈ থাকে মৃত্যুৰ কিৰিলি!
অৱশেষত অৱসান ঘটিল মহানগৰীৰ সেই ৬০ ঘণ্টীয়া উৎকণ্ঠাৰ। পুত্ৰৰ সন্ধানত গুৱাহাটীৰ নলাই নলাই ঘূৰি ফুৰা এগৰাকী পিতৃৰ নিদ্ৰাহীন, ভোকহীন অভিযানৰ অন্ত পৰিল সঁচা, কিন্তু ইয়াৰ লগে লগে নিৰ্বাপিত হ’ল পিতৃ আৰু গোটেই পৰিয়ালটোৰ আশা-ভাৰসা।