দলগাওঁঃ নিৰ্বাচন আহিলেই সাংসদ দিলীপ শইকীয়াই অসম মালা পথৰ প্ৰসংগৰে মুখ্যমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰা দলগাঁৱৰ পৰা শিঙৰী অভিমুখে যোৱা পথছোৱা এজাক বৰষুণতে বিধ্বস্ত হৈ পৰিছে। অসম মালা আঁচনিৰ জৰিয়তে লোক নিৰ্মাণ বিভাগৰ অধীনত আৰম্ভ হৈছিল উক্ত পথছোৱাৰ নিৰ্মাণৰ কাম।
আৰম্ভণিৰে পৰা পথটোৰ কাম নিম্ন মানৰ হোৱা বুলি স্থানীয় ৰাইজ আৰু দল সংগঠনে অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল যদিও ঠিকাদাৰ আৰু লোক নিৰ্মাণ বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে কোনো গুৰুত্ব নিদিয়াত বছৰটোৰ শেষৰ ভাগত অহা এজাক বৰষণৰ পানীয়ে উটুৱাই নিয়ে কালভাৰ্ট। ফলত নিৰ্মীয়মান কেবাকোটি টকীয়া পথছোৱা নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই খহি বিধ্বস্ত হৈ যায়।