ডিফুঃ কাৰ্বি আংলং জিলাৰ ট্ৰাক শ্ৰমিকসকলৰ আজি এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়৷ কাৰ্বি আংলং মটৰ পৰিবহণ শ্ৰমিক আৰু চালক সন্থাৰ উদ্যোগত অনুষ্ঠিত সভাত ইটা, বালি, শিল, মাটি আদি কঢ়িওৱা শ্ৰমিকসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰা হয়৷
সন্থাৰ সভাপতি আব্দুল নুৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁত ধৰে সন্থাৰ সম্পাদক কৃষ্ণভট্ট ৰায়ে৷ সভাত মালিক পক্ষৰ সৈতে হোৱা বুজাবুজিমৰ্মে আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি মজুৰি বৃদ্ধিৰ প্ৰস্তাৱ গ্ৰহণ কৰে৷