ডামাস্কাছঃ বাংলাদেশৰ পিছত চলিত বছৰতে পতন ঘটিল বিশ্বৰ আন এখন ৰাষ্ট্ৰৰ ক্ষমতাসীন চৰকাৰৰ। এইবাৰ ছিৰিয়াত ক্ষমতাচ্যুত হ’ল আছাদ পৰিয়াল। বিগত পাঁচ দশকৰো অধিক সময় ধৰি দেশখনৰ ক্ষমতাত অধিষ্ঠিত হৈ থকা আছাদ পৰিয়াল বাধ্য হৈ পৰিল দীৰ্ঘদিনীয়া গৃহযুদ্ধৰ ওচৰত নতি স্বীকাৰ কৰিবলৈ। বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাই দেওবাৰে প্ৰকাশ কৰা অনুসৰি, ক্ষমতাচ্যুত হোৱাৰ পিছতে দেশ এৰি পলায়ন কৰে ৰাষ্ট্ৰপতি বাছাৰ আল আছাদে। অৱশ্যে তেওঁ পলায়ন কৰি ক’ত আশ্ৰয় গ্ৰহণ কৰি আছে সেয়া জানিব পৰা হোৱা নাই। উল্লেখ্য যে, আছাদৰ শাসনৰ পূৰ্বে তেওঁৰ পিতৃ হাফেজ আল আছাদে ১৯৭০ চনৰ পৰা ২০০০ চনলৈকে ছিৰিয়াত শাসন কৰিছিল।
২০০০ চনত পিতৃৰ মৃত্যুৰ পিছত বাছাৰে তেওঁৰ উত্তৰাধিকাৰী হিচাপে ছিৰিয়াত ৰাজত্ব আৰম্ভ কৰে। বিশেষকৈ সামৰিক শক্তি আৰু ৰাছিয়া আৰু ইৰাণকে ধৰি আঞ্চলিক শক্তিসমূহৰ সৈতে কৌশলগত মিত্ৰতাৰ জৰিয়তে তেওঁৰ পৰিয়ালে ৰাজনৈতিক ক্ষমতাৰ ওপৰত নিজৰ দখল বজাই ৰাখিবলৈ সক্ষম হয়। কিন্তু ছিৰিয়া আৰু ইয়াৰ জনসাধাৰণৰ বাবে দুৰ্যোগ হিচাপে পৰিগণিত হোৱা ১২ বছৰীয়া সশস্ত্ৰ সংঘাতৰ ফলত অৱশেষত কেৱল ক্ষমতাচ্যুত হোৱাই নহয়, দেশ এৰি পলায়ন কৰিবলৈ বাধ্য হৈ পৰে ৰাষ্ট্ৰপতি বাছাৰ আল আছাদ।