Home ৰাজ্য৮২ শতাংশ কাৰ্যকৰী হৈছে বিটিআৰ চুক্তি! এবছুৰ অধিৱেশনত কেন্দ্ৰীয় গৃহমন্ত্ৰী

৮২ শতাংশ কাৰ্যকৰী হৈছে বিটিআৰ চুক্তি! এবছুৰ অধিৱেশনত কেন্দ্ৰীয় গৃহমন্ত্ৰী

by News Desk
A+A-
Reset
Amit Shah Kokrajhar

কোকৰাঝাৰঃ ২০২০ চনত ৰূপায়ণ হোৱা বড়ো শান্তি চুক্তিৰ পিছৰে পৰা অঞ্চলটোত শান্তি আৰু উন্নয়ন অব্যাহত আছে। বিটিআৰ চুক্তিৰ পিছত বিষয়টোক লৈ কংগ্ৰেছে হাঁহিছিল, ধেমালি কৰিছিল কিন্তু আজি অঞ্চলটোত শান্তি প্ৰতিষ্ঠা হ’ল। ভাৰত আৰু অসম চৰকাৰে বিটিআৰ উন্নয়নৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ নকৰে। এই মন্তব্য কৰিছে দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। আজি কোকৰাঝাৰ জিলাৰ দোতমা’ৰ বডোফা পথাৰত এবছুুুৰ ৫৭ সংখ্যক কেন্দ্ৰীয় অধিবেশনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উক্ত মন্তব্য কৰে।

মুখ্য অতিথিৰ ভাষণত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে বড়োলেণ্ড এলেকাত শান্তি ঘূৰাই অনাৰ ক্ষেত্ৰত বিটিআৰ শান্তি চুক্তিত স্বাক্ষৰকাৰী এবছুৰ যথেষ্ট অৰিহণা আছে। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মস্থান দোতমাত প্ৰথমবাৰৰ বাবে আহি সুখী হৈছো বুলি মন্তব্য কৰি অমিত শ্বাহে নতুন দিল্লীৰ এটা পথ বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নামেৰে নামাংকণ কৰি বডোফালৈ কৃতজ্ঞতা জনোৱা হ’ব বুলি ঘোষণা কৰিছে। তদুপৰি এবছুক প্ৰশংসা কৰি অমিত শ্বাহে কয় যে বিটিআৰ চুক্তিৰ ৮২ শতাংশ দফা কাৰ্যকৰী হৈছে বুলি মন্তব্য কৰে। বড়োলেণ্ড এলেকাত ভাল খেলুৱৈ আছে আৰু অলিম্পিক পৰ্যায়ত যাতে বড়োলেণ্ড এলেকাৰ পৰা খেলুৱৈৱে অংশগ্ৰহণ কৰিব পাৰে তাৰ বাবে খেলুৱৈসকলক কঠোৰ অনুশীলন কৰিবলৈ আহ্বান জনাইছে গৃহমন্ত্ৰী অমিত শ্বাহে।

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0