গোগামুখঃ গোগামুখৰ মিংমাঙত স্থাপন হবলগীয়া কৃষি বিশ্ববিদ্যালয়ৰ অহা ২৬ মে’ত আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ প্ৰধানমন্ত্ৰী মোডীৰ আগমনৰ প্ৰাক ক্ষণত আজি গোগামুখৰ মিংমাঙ পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।
তেওঁ মিংমাঙ পৰ্যবেক্ষণ কৰি শেষত নিৰাপত্তা ক্ষেত্ৰত প্ৰশাসনৰ লোকৰ সৈতে এক বৈঠকত মিলিত হব। প্ৰধানমন্ত্ৰীয়ে আহ-যাহ কৰিব লগীয়া পথ নিৰ্মাণৰ কাম তীব্ৰ গতিত চলাই গৈছে জিলা প্ৰশাসনে। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আগমনক লৈ নিৰাপত্তা ক্ষেত্ৰত বুজ লবলৈ ধেমাজি, লখিমপুৰ, মঙ্গলদৈ, শোণিতপুৰ, বিশ্বনাথ চাৰিআলি আৰু মাজুলী জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে মিচিং স্বায়ত্ত শাসিত পৰিষদৰ সভা কক্ষত এক আলোচনা মিলিত হব মুখ্যমন্ত্ৰী ৷