60
গুৱাহাটীঃ স্বয়ং আইন প্ৰস্তুতকৰ্তাৰ বিৰুদ্ধে উত্থাপন হৈছে ধৰ্ষণৰ দৰে গুৰুতৰ অপৰাধৰ অভিযোগ। পাটাছাৰকুছিৰ অগপ বিধায়ক পবিন্দ ডেকাই এগৰাকী বিধবা মহিলাক ধৰ্ষণ কৰা বুলি ৰাকেশ মিশ্ৰ নামৰ এজন যুৱকে ফেচবুকত মন্তব্য কৰিছে।
বিধায়ক ডেকাৰ বিৰুদ্ধে তেওঁ উত্থাপন কৰা অভিযোগৰ তথ্য-প্ৰমাণ আছে বুলিও যুৱকজনে দাবী কৰিছে। অৱশ্যে কোনো মহিলাই বিধায়কজনৰ বিৰুদ্ধে এনে অভিযোগ লৈ আৰক্ষীৰ দ্বাৰস্থ হোৱাৰ তথ্য পোহৰলৈ অহা নাই।