104
মৰিয়নিঃ অসম আৰক্ষীৰ প্ৰাক্তন উপ-মহাপৰিদৰ্শক, বাহনা মহাবিদ্যালয়ৰ প্ৰাক্তন প্ৰবক্তা; বাহনা মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি তথা যোৰহাট কেন্দুগুৰি নিবাসী প্ৰবীণ শইকীয়াৰ আজি ৰহস্যজনক পৰিৱেশত মৃতদেহ উদ্ধাৰ হয়। নিজ গৃহৰ সমীপত তেওঁৰ নিথৰ দেহ উদ্ধাৰ হয়।
ইয়াক লৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সমান্তৰালভাৱে ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে তদন্ত দাবী কৰিছে।তেওঁৰ মৃত্যুত স্থানীয় বিভিন্ন দল-সংগঠনৰ লগতে ব্যক্তি বিশেষে শোক প্ৰকাশ কৰিছে।