51
গোৱালপাৰাঃ দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দি গাডী দখল কৰিছিল ৰাজ্যৰ মিত্ৰজোটৰ চৰকাৰে৷ দুৰ্নীতিৰ বিৰুদ্ধে কথা কোৱা চৰকাৰখনৰ দিনতে প্ৰতিটো আঁচনি ৰূপায়নত সংঘটিত হৈছে দুৰ্নীতি৷
এইবাৰ পঞ্চায়তৰ কাৰ্যালয় গৃহ মেৰামতিৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি৷ গোৱালপাৰা জিলাৰ মাটিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত নৱাগত শিমলীতোলা পঞ্চায়তত ২০১৫-২০১৬ বৰ্ষৰ চতুৰ্দশ বিত্তীয় আয়োগৰ পৰা পঞ্চায়ত গৃহটো মেৰামতিৰ নামত পাঁচ লাখ টকা আবন্টন পাইছিল৷