যোৰহাটঃ যোৰহাট চহৰত চৰম নিৰাপত্তাহীনতাত ভুগিছে যুৱতীসকলে। বিগত তিনিমাহত দুটাকৈ এনে ঘটনা সংঘটিত হোৱাৰ পিছত সোমবাৰে চহৰখনত পুনৰ ৫জনীয়া যুৱকৰ এটা দলে কাপোৰ খুলি ২ যুৱতীক নিৰ্যাতন চলায়। সন্ধিয়াৰ ভাগত চহৰখনত সংঘটিত হয় এই অঘটন।
প্ৰাপ্ত বাতৰি মতে, বাছৰ পৰা নামি চহৰখনৰ গড়আলিৰ পৰা ৰাজামৈদামলৈ এখন ৰিক্সাৰে গৈ আছিল দুই বাই-ভনী। সেই সময়তে ৫জনকৈ যুৱকে অতৰ্কিতে আহি ৰিক্সাখন ৰখাই দিয়ে। এজন যুৱকে ৰিক্সাখনত আক্ৰমণ চলাই ৰিক্সা চালকজনক মাৰধৰ কৰি এঠাইলৈ টানি নিয়ে। বাকী থকা ৪জন যুৱকে দুজনীয়া দলত ভাগ হৈ যুৱতী দুগৰাকীক আওহতীয়া ঠাইলৈ বলপূৰ্বকভাৱে টানি নিয়াৰ চেষ্টা চলায়।