62
ডিজিটেল ডেস্কঃ বিশ্বৰ সকলো প্ৰান্ততে জনপ্ৰিয় ছ’চিয়েল মিডিয়া ছাইট ফেচবুকক সকিয়নি দিয়া স্বত্বেও থাইলেণ্ডৰ নিৰ্দেশ কোনো কাৰণতে মানি লোৱা নাই ফেচবুকে। চ’ছিয়েল নেটৱৰ্ক ছাইটটোৰ পৰা বিভিন্ন আপত্তিজনক কন্টেন্ট আঁতৰবাৰ বাবে ফেচবুকক সময়সীমা ধৰি দিছিল থাইলেণ্ড চৰকাৰে৷
যদিহে ফেচবুকে এই সময়ৰ ভিতৰত কন্টেন্টবোৰ আঁতৰাই নিদিয়ে, তেন্তে ফেচবুকৰ ওপৰত যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও উল্লেখ কৰিছিল থাইলেণ্ড চৰকাৰে৷