গুৱাহাটীঃ নিউজ নেক্সট ওৱানৰ অনলাইন দৈনিক ‘ই-সংবাদ’-এ আজিৰে পৰা ৰাজ্যজুৰি আৰম্ভ কৰিছে এমহীয়া মেগা ছাবছক্ৰিপশ্যন ড্ৰাইভ। বিগত প্ৰায় ডেৰবছৰ ধৰি কাকতখন পঢ়ুৱৈসকলে বিনামূলীয়াকৈ পঢ়িব পৰাৰ ব্যৱস্থা আছিল যদিও আনুসংগিক খা-খৰছ ক্ৰমাৎ বৃদ্ধি পাবলৈ লোৱাত কাকতখন ধাৰাবাহিকভাৱে প্ৰকাশ কৰি থকাৰ স্বাৰ্থতে এই অভিযান আৰম্ভ কৰা হৈছে। শুকুৰবাৰে দিনৰ ১১.৩০ বজাত এই ছাবছক্ৰিপশ্যন অভিযানৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ৰাজ্যৰ বিশিষ্ট চিন্তাবিদ, লেখক ময়ূৰ বৰাই।
কাকতখনৰ কাৰ্যবাহী সম্পাদক ধ্ৰুৱজ্যোতি ধনন্তৰি আৰু সহযোগী সম্পাদক ওৱাহেদৰ ৰহমানৰ উপস্থিতিত ৩৪৯ টকাৰে এবছৰৰ বাবে ছাবছক্ৰিপশ্যন গ্ৰহণ কৰি এই অভিযানৰ শুভাৰম্ভ কৰে বিশিষ্ট চিন্তাবিদগৰাকীয়ে। অভিযানৰ শুভাৰম্ভ কৰি কাকতখনৰ পঢ়ুৱৈ আৰু শুভকাংক্ষী তথা অসমবাসী ৰাইজক উদ্দেশ্যি এক ভিডিঅ’ বাৰ্তাত বৰাই কয় যে কাকত এখন হৈছে এখন সমাজৰ দাপোণস্বৰূপ। কাকত এখনৰ এটা ভাষাক জীয়াই ৰখাত যথেষ্ট অৰিহণা আছে।
তেওঁ আৰু কয়, ”আধুনিক জীৱন মোবাইলত বন্দী। আপুনি ভালপায় বা বেয়া পায় এইটো এটা বাস্তৱ সত্য। এই কাকতখনৰ এটা ভাল লগা দিশ হৈছে বাতৰি প্ৰকাশৰ ক্ষেত্ৰত তেওঁলোকে বস্তুনিষ্ঠতা প্ৰদৰ্শন কৰিছে। নিৰপেক্ষতাৰ মুখা পিন্ধি কোনো এটা বিশেষ পক্ষক মুকলিকৈ সমৰ্থন কৰাতো বৰকৈ চকুত পৰা নাই। লগতে কাৰিকৰী দিশৰ পৰা আটাইতকৈ ভাললগা কথাটো হৈছে এই কাকতখন মোবাইল ফ্ৰেইণ্ডলি। অৰ্থাৎ সহজতে মোবাইলত পঢ়িব পৰা ব্যৱস্থা আছে।’’
বাতৰি কাকত পঢ়াৰ প্ৰতি আগ্ৰহী অসমৰ ৰাইজক এই প্ৰচেষ্টাৰ প্ৰতি সহাঁৰি জনাবলৈ আহ্বান জনাই বিশিষ্ট চিন্তাবিদগৰাকীয়ে কয়, ”তেওঁলোকে যিখিনি বাতৰি পৰিৱেশন কৰিব বা কৰি আহিছে সেই বিষয়ে মই আজিয়েই কৈ দিব পৰা নাই বা মই সমৰ্থন কৰিম বুলিও কোৱা নাই। কিন্তু অসমীয়া এদল সাংবাদিকে ভাল কাম এটা কৰিবলৈ আহিছে। গতিকে তাত মই সংযুক্ত হৈছো আৰু অন্যান্য ৰাইজকো মই অনুৰোধ জনাইছো তেওঁলোকে যদি চালি-জাৰি চাই দেখে এই কাকতখন পঢ়িব পৰা হৈছে তেন্তে তেওঁলোকে নিশ্চিতভাৱে এইখন বাতৰি কাকতৰ কথা ভাবিব পাৰে।’’
উল্লেখ্য যে ই-সংবাদ কাকত এতিয়াৰে পৰা দুই ধৰণে উপলব্ধ হ’ব। সেয়া হৈছে ৱেবছাইট সংস্কৰণ আৰু হোৱাটছএপ পিডিএফ সেৱা। ৱেবছাইট সংস্কৰণত কাকতখন পঢ়িবলৈ হ’লে www.newsnextone.com ভিজিট কৰি লগইন কৰি এমাহত ৩৩ টকা অনলাইনযোগে পৰিশোধ কৰি কাকতখন পঢ়িব পাৰিব। আনহাতে হোৱাটছএপ পিডিএফ সেৱা গ্ৰহণ কৰা সকলে মাহিলি ৪৯ টকা আৰু বছৰি ৩৪৯ টকা অনলাইনযোগে পৰিশোধ কৰি নিজৰ হোৱাটছএপতে কাকতখনৰ পিডিএফ সংস্কৰণ লাভ কৰিবলৈ সমৰ্থ হ’ব।
ইফালে, আজি গুৱাহাটীৰ লগতে নলবাৰী, লাহৰীঘাট আৰু ডিব্ৰুগড়তো ‘ই-সংবাদ’ৰ ছাবছক্ৰিপশ্যন অভিযান আৰম্ভ হয়। নলবাৰী জিলাত জিলা ব্যুৰ’ মনোজ শৰ্মাই এই অভিযানৰ শুভাৰম্ভ কৰে। আনহাতে ডিব্ৰুগড়ৰ দুলীয়াজানত ‘ই-সংবাদ’ৰ আৱাসিক সম্পাদক মাধুৰ্য শইকীয়াই জিলাখনত ই-সংবাদৰ ছাবছক্ৰিপশ্যন অভিযান মুকলি কৰে।
ছাবছক্ৰিপশ্যন অভিযান সন্দৰ্ভত নিউজ ৱেবছাইট newsnextone.com আৰু ই-সংবাদ কাকতৰ কাৰ্যবাহী সম্পাদক ধ্ৰুৱজ্যোতি ধনন্তৰিয়ে কয় যে সম্প্ৰতি ভাৰত তথা অসমৰ সংবাদ মাধ্যম ৰাজনৈতিক নেতাসকলৰ হাতৰ পুতলা হৈ পৰিছে। যদিহে পঢ়ুূৱৈ ৰাইজে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক সহায় কৰিবলৈ আগবাঢ়ি নাহে তেন্তে সত্যনিষ্ঠ সাংবাদিকসকলে সাংবাদিকতা কৰাৰ সাহস হেৰুৱাই পেলাব বুলি কয়।
তেওঁ আৰু কয়, ”এটা সময়ত চিঞৰ-বাখৰবিহীন নিৰ্ভৰযোগ্য বাতৰি বুলি ক’লে মানুহে এনডিটিভি চাইছিল। কিন্তু এতিয়া এনডিটিভিয়ে পূৰ্বৰ মৰ্যাদা হেৰুৱাই পেলাইছে। ফলত এথিকছ মানি সততাৰে সাংবাদিকতা কৰি অহা চেনেলটোৰ সাংবাদিকসকলে চেনেলটো এৰি ইউটিউবযোগে সাংবাদিকতা কৰিবলৈ আৰম্ভ কৰিছে। অৰ্থাৎ মূলসুঁতিৰ সংবাদ সংস্থাসমূহত এতিয়া আৰু এথিকছ মানি সাংবাদিকতা কৰাতো কঠিন হৈ পৰিছে। অসমতো তেনে অৱস্থা দেখা গৈছে। সেয়ে পঢ়ুৱৈয়ে ছাবছক্ৰিপশ্যন মডেলত সংবাদ সংস্থা নচলালে ৰাজনৈতিক নেতাৰ হাতত বন্দী হৈ পৰিবলৈ বেছি সময় নালাগিব। ৰাইজে এই কথা যিমান সোনকালে উপলব্ধি কৰে সিমানেই মংগল।’’
অসমৰ ৰাইজে ‘ই-সংবাদ’ৰ এই প্ৰচেষ্টাক আদৰি ল’ব বুলিও তেওঁ আশা প্ৰকাশ কৰে। তেওঁ আৰু কয় যে এই প্ৰচেষ্টাক আদৰি নজনালে সাংবাদিকৰ হাতত দুটাই বিকল্প খোলা থাকিব। এটা হৈছে সাংবাদিকতা ত্যাগ কৰা আৰু আনটো হৈছে সাংবাদিকতাৰ প্ৰকৃত ধৰ্ম ত্যাগ কৰি ৰাজনৈতিক নেতা বা দলৰ অঘোষিত মুখপাত্ৰ সদৃশ হৈ পৰা।
▪️এমহীয়া ছাবছক্ৰিপশ্যনৰ বাবে ক্লিক কৰকঃ এমহীয়া হোৱাটছএপ সেৱা। এবছৰীয়া ছাবছক্ৰিপশ্যনৰ বাবে ক্লিক কৰকঃ এবছৰীয়া হোৱাটছএপ সেৱা। উল্লেখ্য যে, অহা ৩০ আগষ্টৰ পূৰ্বে ছাবছক্ৰিপশ্যন লোৱা পঢ়ুৱৈসকলৰ মাজৰ পৰা লাকী ড্ৰ’যোগে অতিকমেও ৩১ জন সৌভাগ্যৱান ছাবছক্ৰাইবাৰক ই-সংবাদৰ তৰফৰ পৰা অহা ২৫ ডিচেম্বৰত কাকতখনৰ দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠানত প্ৰদান কৰা হ’ব বিশেষ উপহাৰ। কাকতখনৰ চাৰ্কুলেশ্যন মেনেজাৰ এ ৰহমানে এই কথা জানিবলৈ দিছে।
