বাহকাবাৰীঃ এসময়ৰ কংগ্ৰেছ চৰকাৰৰ দিনৰ ৰহা সমষ্টিৰ সৰ্বসাধাৰণ ৰাইজৰ হিয়াৰ আমঠু সদৃশ আছিল পীযুষ হাজৰিকা। কিন্তু সৰ্বসাধাৰণৰ উন্নয়নত কুঠাৰাঘাট কৰি সময়ৰ সোঁতত নিশ্চিহ্ন হৈ যোৱা নেতাজন আজি সমষ্টিবাসীৰ মাজত নাই। আছে মাথো এখন শিলৰ ফলক। এই ফলকতে স্মৃতি হৈ ৰৈছে বৰ্তমানৰ জাগীৰোড সমষ্টিৰ বিজেপিৰ বিধায়কজন।
কংগ্ৰেছৰ শাসন কালত বহু গুৰুত্বপূৰ্ণ আঁচনি গ্ৰহণ কৰি ৰহা সমষ্টিৰ মন জয় কৰিবলৈ সক্ষম হোৱা এই বিধায়কজন অতি আপোন আছিল গৰুবাট মৌজাৰ কচুৱা অঞ্চলটোৰ ৰাইজৰ বাবে।