66
কাজিৰঙাঃ আসন্ন কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ দিন পিছুৱাক কেন্দ্ৰ কৰি তুমুল বিতৰ্কৰ সৃষ্টি হৈ থকাৰ সময়তে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি কাজিৰঙাৰ এখন বিতৰ্কিত বিলাসী ৰিজ’ৰ্টত বাহৰ পাতি এই নিৰ্বাচনৰ দলীয় ৰণকৌশল প্ৰস্তুত কৰি আন এক বিতৰ্কৰ সূত্ৰপাত ঘটায়।
খুমটাইৰ বিজেপি বিধায়ক মৃণাল কুমাৰ শইকীয়াৰ ভ্ৰাতৃৰ এই ৰিজ’ৰ্টখন উদ্যানখনৰ বেদখলীকৃত ভূমিত স্থাপিত বুলি বিভিন্ন পক্ষই অভিযোগ কৰি আছে।