বোকাজানঃ বোকাজান অসামৰিক চিকিৎসালয়ত কৰ্মৰত দুই চিকিৎসক ডা: তিম’থি পুডাইটে আৰু ডা: লুনচে কিলিঙৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ পৰিছে বোকাজানবাসী ৰাইজ৷ উল্লেখ্য যে বোকাজান নগৰৰ দুই নং ৱাৰ্ডৰ বাসিন্দা ৰঞ্জিতা সূত্ৰধৰ (১৬) নামৰ এগৰাকী ৰোগীয়ে কালি তেওঁৰ জ্বৰৰ চিকিৎসা গ্ৰহণ কৰিবলৈ ডা: পুডাইটেৰ কাষ চাপে। ডা:পুডাইটেই ৰোগীক টাইফয়ড হোৱাৰ সন্দেহ কৰি তেজ পৰীক্ষা কৰিবলৈ পৰামৰ্শ আগবঢ়াই তেওঁৰ সহকৰ্মী চিকিৎসক ডা: লুনচে কিলিঙৰ ব্যক্তিগত পৰীক্ষাগাৰলৈ যাবলৈ কয় ৷
কিন্তু অতি দৰিদ্ৰ পৰিয়ালৰ হোৱা বাবে ৰঞ্জিতাৰ অভিভাৱকে ধনৰ অভাৱত তেওঁলোকৰ চিনাকি অন্য এক তেজ পৰীক্ষাগাৰত তেজ পৰীক্ষা কৰে আৰু তেজৰ ৰিপৰ্ট ডা: পুডাইটেক দেখুৱাই ৷ কিন্ত ডা: পুডাইটেই ৰোগী গৰাকীৰ তেজৰ ৰিপৰ্ট চাবলৈ অমান্তি হয় আৰু ৰোগীক নিজাববীয়াকৈ চিকিৎসা গ্ৰহণ কৰিবলৈ কয় ৷ কিয়নো ডা: পুডাইটেই তেজ পৰীক্ষা কৰিবলৈ নিৰ্দিষ্টকৈ উল্লেখ কৰি দিয়া তেওঁৰ সহকৰ্মী চিকিৎসক ডা: কিলিঙৰ ব্যক্তিগত পৰীক্ষাগাৰত ৰোগীগৰাকীয়ে তেজ পৰীক্ষা নকৰাৰ বাবেই ডা: পুডাইটেই ৰোগীক চিকিৎসা প্ৰদান কৰিবলৈ অনীহা প্ৰকাশ কৰে ৷