লংকাঃ লংকা চহৰৰ কাকী আৰক্ষী থানাৰ অন্তৰ্গত টঙীয়াত আজি এজন যুৱকে বিদ্যালয়ৰ ছাত্ৰীক বিদ্যালয়লৈ যোৱাৰ পথত ম’বাইল ফোনৰ নম্বৰ বিচাৰি অশালীন ব্যৱহাৰ কৰাক কেন্দ্ৰ কৰি উত্তেজনাময় পৰিস্হিতিৰ সৃষ্টি হয় ।
নগাওঁ জিলাৰ পুৰণি গুদাম চলচলিৰ নুৰ হুছেইনৰ পুত্ৰ আছিফ আলী ফুৰিবলৈ আহে কাকী টঙীয়াৰ সমন্ধীয় এঘৰলৈ। আত্মীয়ৰ ঘৰত থাকিবলৈ লোৱাৰ পাছৰে পৰা তেওঁ চলচলিৰ উচ্চ ইংৰাজী বিদ্যালয়ৰ এগৰাকী ছাত্ৰীক বিদ্যালয়লৈ অহা-যোৱা কৰাৰ পথত বিভিন্ন কথাৰে ব্যতিব্যস্ত কৰি অহাৰ অভিযোগ আছে।