চামগুৰি/বঢ়মপুৰঃ চামগুৰিত শনিবাৰে ছাডেন ভিজিটেৰে নগাঁও জিলা বন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলক ব্য়স্ত হৈ থাকিবলৈ বাধ্য কৰে বন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই। চামগুৰি ইলেক্ট্ৰনিক মিডিয়া এচ’ছিয়েশ্বনৰ উদ্যোগত অনুষ্ঠিত বৃক্ষ ৰোপণ আৰু বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অহা বনমন্ত্ৰী প্ৰমিলাই ছাডেন ভিজিট কৰে চামগুৰিকে ধৰি নগাওঁ-কাৰ্বি আংলং সীমান্তৱৰ্তী পাহাৰীয়া বনাঞ্চলসমূহত।
ইয়াৰ পূৰ্বে শুকুৰবাৰে নিশা বন মাফিয়াৰ আক্ৰমণত তচনচ হোৱা উদমাৰি বিট অফিছ পৰিদৰ্শন কৰি আশ্চৰ্য প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। চামগুৰি আৰক্ষী থানাত ঘটনাৰ সন্দৰ্ভত এটি গোচৰ ৰুজু কৰি আৰক্ষীক শীঘ্ৰে দোষীক কৰায়ত্ব কৰিবলৈকো নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে।