মোৰাঝাৰঃ হোজাইৰ ডবকাত আৰম্ভ হৈছে উত্তৰ প্ৰদেশ আৰু বিহাৰৰ দৰে গুণ্ডাগিৰি৷ হিন্দী চিনেমাৰ কায়দাৰে এজন পঞ্চায়ত প্ৰতিনিধিয়ে তেওঁৰ বিৰুদ্ধে আৰ টি আই আইনৰ অধীনত আবেদন কৰা এজন আৰ টি আই কৰ্মীক নিজৰ গাড়ীৰে চেপি হত্যাৰ চেষ্টা চলোৱাৰ এক অভিযোগে হোজাই জিলাত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
জানিব পৰা মতে, যোগীজান উন্নয়ন খণ্ডৰ অন্তৰ্গত হিন্দু ব্লক গাওঁ পঞ্চাযতৰ বহু দুৰ্নীতিগ্ৰস্ত সভাপতি চাহাবুদ্দিনে কালি আৰ টি আই কৰ্মী জেহিৰুল ইছলামক নিজৰ এ এছ ০১ এ বি ০৬০৫ নম্বৰৰ ৱেগন আৰ গাড়ীখনেৰে মহতিয়াই নি হত্যাৰ চেষ্টা কৰে বুলি ডবকা থানাত জেহিৰুল ইছলামে এক গোচৰ দাখিল কৰিছে৷