Home ৰাজ্যসমগ্ৰ অসমত বৃক্ষৰোপণ কৰিব যুৱ-ছাত্ৰ পৰিষদে

সমগ্ৰ অসমত বৃক্ষৰোপণ কৰিব যুৱ-ছাত্ৰ পৰিষদে

by News Desk
76 views
A+A-
Reset

কাৰ্বি আংলংঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে সমগ্ৰ অসমত বৃক্ষৰোপণ কৰিব ৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে আজি এক বিবৃতি যোগে এই কথা ঘোষণা কৰে৷ অহা ৫ জুনত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি পৰিষদে সমগ্ৰ অসমত বৃক্ষৰোপণ কৰিব।

পৰিষদৰ সকলো পৰ্যায়ৰ সমিতি সমূহে নিজ নিজ অঞ্চলৰ ৰাজহুৱা স্থানত ১০০ জোপাকৈ বৃক্ষ ৰোপণ কৰিব বুলি সংগঠনটোৱে বিবৃতি যোগে জনায়। আনহাতে অহা ৬ জুনত পৰিষদৰ প্ৰতিখন জিলা সমিতিয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণৰ কাম খৰতকীয়া কৰা আৰু অসমত অতি শীঘ্ৰে আন্তঃৰাজ্যিক পাৰ পত্ৰৰ ব্যৱস্থা কৰা, দ্বি-নাগৰিকত্ব ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰিব।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0