মৰিগাঁওঃ মৰিগাওঁ জিলাৰ ভূৰবন্ধাত যোৱা নিশা দুজন বয়োবৃদ্ধক একাংশ উন্মত্ত লোকে ডাইনী সজাই অত্যাচাৰ চলোৱা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য মতে, ভূৰবন্ধা বজাৰৰ সমীপৱৰ্তী অঞ্চলৰ সোণমণি বৰদলৈ নামৰ এগৰাকী মহিলাই বিগত কেইমাহ মানৰ পৰা নিজকে “আই” বুলি পৰিচয় দি বিভিন্ন ৰোগৰ চিকিৎসা প্ৰদান কৰি আহিছিল।
যোৱা নিশা আই পৰিচয় দি অহা উক্ত মহিলাগৰাকীয়ে একাংশ গাঁওবাসীৰ আগত গাওঁখনৰ ভেৰু বৰদলৈ আৰু অঞ্জলি বৰদলৈ নামৰ লোক দুজনক ডাইনী, তেওঁলোকে ভূত পোহে, তেওঁলোকৰ বাবেই গাওঁখনত নানান অসুখ-অশান্তিৰ সৃষ্টি হৈছে আদি নানা উচতনিমূলক কথা প্ৰকাশ কৰে। এই কথা শুনিয়েই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘ডিজিটেল ইণ্ডিয়া’ত বসবাস কৰা একাংশ চূড়ান্ত অন্ধবিশ্বাসী, বিবেকহীন, এলান্ধুকলীয়া মনৰ লোকে সত্তৰোৰ্ধৰ লোক দুজনক নিজ নিজ ঘৰৰ পৰা জোৰ-জুলুমকৈ টানি বাহিৰলৈ লৈ আনে।