66
অভয়াপুৰীঃ উৰুখা পজাৰেই সফলতাৰ বাট বুলিলে আজিজুৰে। এজন সাধাৰণ লোক। সৰু ঠেলাগাড়ী এখনেত ভজা বুটৰ দোকান দি পৰিয়ালটোক কোনোমতে পোহ-পাল দি আহিছে। লোকজন হৈছে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সমীপৱৰ্তী লেংটিছিঙাৰ জানেইৰমুখৰ জাকিৰ হুছেইন।
আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত এইজন জাকিৰ হুছেইনৰে পুত্ৰ আজিজুৰ ৰহমানে পাঁচটা বিষয়ত লেটাৰ মাৰ্কসহ ৮৪.৪ শতাংশ নম্বৰ লাভ কৰি সুখ্যতিৰে উত্তীৰ্ণ হোৱা বতৰাই আনন্দৰ জোৱাৰ আনিছে লেংটিছিঙাত।