কোকৰাঝাৰ/ওদালগুৰিঃ যি সময়ত ৰাজ্যৰ বিভিন্ন জিলাত স্থানপ্ৰাপ্তক লৈ আনন্দ উছাহ অব্যাহত আছে তেনে সময়তে বিটিএডিৰ চিৰাং জিলাৰ পৰা বাণিজ্য শাখাত অৱতীৰ্ণ হোৱা কোনো এগৰাকী পৰীক্ষাৰ্থীয়েও প্ৰথম বিভাগতে উত্তীৰ্ণ হ’ব নোৱাৰাত জিলাখনৰ শৈক্ষিক মানদণ্ডক লৈ প্ৰশ্ন উত্থাপিত হৈছে। ইয়াৰোপৰি বাণিজ্য শাখাতে আকৌ কোকৰাঝাৰ জিলাই ৰাজ্যৰ ভিতৰতে সৰ্বনিম্ন ফলাফল দাঙি ধৰাত বিটিএডিৰ শৈক্ষিক পৰিৱেশ যে মুঠেও অনুকুল নহয় সেয়া প্ৰমাণিত হৈছে।
কি বাণিজ্য, কি বিজ্ঞান, কি কলা শাখা সকলোতে মাথো হতাশজনক প্ৰদৰ্শন। বিজ্ঞান শাখাত কোকৰাঝাৰ জিলাত উত্তীৰ্ণৰ হাৰ ৬২.৭১ শতাংশ, চিৰাং জিলাত ৭৩.৩৯ শতাংশ, বাগছাত ৮৩.৪৫ শতাংশ আৰু ওদালগুৰিত ৬৭.৫৯ শতাংশ। অৰ্থাৎ বিটিএডিৰ ৪ খন জিলাত বিজ্ঞান শাখাত সামগ্ৰিক গড় উত্তীৰ্ণৰ হাৰ ৭১.৭৯ শতাংশ। বিপৰীতে ৰাজ্যত গড় উত্তীৰ্ণৰ এই হাৰ হৈছে ৮৬.২৪ শতাংশ।