গুৱাহাটীঃ সমগ্ৰ মহানগৰীৰ আভিজাত্যৰ ভেম তছনছ কৰি অখ্যাত গাঁও, মফচলীয়া চহৰৰ মেধাই জিলিকি উঠিল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত। ব্যক্তিগত বিদ্যালয়েৰে ভৰি থকা মহানগৰীৰ এগৰাকী শিক্ষাৰ্থীয়েও আজি ঘোষিত ফলাফলত স্থান লাভ নকৰাত সমগ্ৰ মহানগৰীতে বিৰাজ কৰিছে এক হতাশাজনক পৰিৱেশ।
কেৱল মহানগৰীতে নহয় সমগ্ৰ কামৰূপ জিলাৰ কোনো এখন বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে এইবাৰ স্থান লাভ কৰিবলৈ সমক্ষ নহ’ল। এই লৈ বিদ্যালয় কৰ্তৃপক্ষ, অভিভাৱক, শিক্ষাৰ্থী তথা সচেতন মহলৰ মাজত ব্যাপক চৰ্চা আৰম্ভ হৈছে। শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কিছু দিন পূৰ্বে গ্ৰেচ নম্বৰ সন্দৰ্ভত দিয়া মন্তব্যলৈ চাই বহুতে এয়া তেওঁৰ নিৰ্দেশতে হৈছে বুলিও মন্তব্য কৰিছে।