সৰভোগঃ উচ্চতম ন্যায়ালয়ৰ মদ নিবাৰণী স্থিতিক একাংশ লোকে নিজ স্বাৰ্থ পূৰণত খটুৱাৰ দৰে ঘটনা সংঘটিত হৈছে। শেহতীয়াভাৱে এনে এক ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ সৰভোগত। নিশাটোৰ ভিতৰতে জন্ম হোৱা এখন মদ নিবাৰণী মহিলা মঞ্চৰ ভূমিকাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
উচ্চতম ন্যায়লয়ৰ এক নিৰ্দেশ মৰ্মে সৰভোগৰ একমাত্ৰ আৱকাৰী বিভাগৰ অনুজ্ঞাপত্ৰ থকা মদৰ বিপনীখন ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উঠাই একেখন পঞ্চায়তৰ দক্ষিণ গণক গাড়ী গাঁৱলৈ স্থানান্তৰিত কৰে।।কিন্তুু পৰৱৰ্তী সময়ত একাংশ স্থানীয় মহিলা তথা এজন ৰাজনৈতিক নেতাই চক্ৰান্ত কৰি উদ্দেশ্য প্ৰণোদিতভাৱে বিপনীখন বন্ধ কৰিবলৈ প্ৰশাসনৰ মাধ্যমৰে তীব্ৰ হেঁচা প্ৰদান কৰে।