ডিজিটেল ডেস্কঃ ডেৰ দশক পূৰ্বে এখন ছবি পৰিচালনা কৰিছিল ৰামগোপাল বাৰ্মাই। ছবিখনৰ নাম আছিল ‘মে মাধুৰী দীক্ষিত বন্না ছাহতি হুঁ’। চিনেমাখনত দেখা গৈছিল মাধুৰীৰ এগৰাকী অন্ধ সমৰ্থকক। খোৱা-লোৱা, চলা-ফুৰা সকলোতে মাধুৰীক অনুকৰণ কৰিছিল অন্ধ সমৰ্থক যুৱতীৰ চৰিত্ৰটোৱে।
শেহতীয়াকৈ নিৰ্মাণ কৰা হৈছে এনেধৰণৰ আন এখন ছবি। এইবাৰো ৰামগোপাল বাৰ্মাৰ বেনাৰতে নিৰ্মাণ কৰা হৈছে ছবিখন। এই ছবিখন পিছে পূৰ্ণ দৈৰ্ঘ্যৰ নহয়। ইউটিউবত ইতিমধ্যে মুক্তি লাভ কৰা এই চুটি ছবিখনৰ নাম হৈছে ‘মেৰি বেটি ছানি লিঅ’নি বন্না ছাহতি হ্যায়’। পিতৃ-মাতৃ আৰু কন্যাৰ কথোপকথনেই ছবিখনৰ মূল বিষয়বস্তু।