59
গুৱাহাটীঃ বাথৌৱে দৰ্জা নোখোলে। কিয়নো তাৰ দৰ্জাখনৰ সিপাৰে আছে এজাক নম্বৰ পিপাসু মানুহ। সেই মানুহজাকে পৰীক্ষাৰ নম্বৰেৰে জুখিব বিচাৰে প্ৰতিভা।
এয়া কোনো নাটকৰ সংলাপ নহয়। এয়া স্বাভাৱিকতে আমি দেখি অহা এক দৃশ্য। ব্যক্তিগত প্ৰতিভাক বিকাশৰ সুবিধা দিয়াৰ সলনি সকলোকে নম্বৰৰ ঠেক গণ্ডীৰ মাপকাঠীৰে প্ৰতিভা জোখা এই সমাজখনত স্বকীয় প্ৰতিভাৰে উজলি উঠাৰ বাবে সুযোগেইবা ক’ত। এনেই এক জটিল প্ৰশ্ন উত্থাপন কৰিছে এখন ব্যতিক্ৰম ধৰ্মী চুটি ছবিয়ে।