71
ছৈখোৱাঃ তিনিচুকীয়া জিলাৰ শদিয়াত আকাশৰ পৰা এটি শিল সৰি পৰাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। শিলটোৱে ইতিমধ্যে এক প্ৰকাৰ দেৱতাৰ মৰ্যাদা লাভ কৰা বুলি জানিব পৰা গৈছে।
প্ৰাপ্ত তথ্য মতে, শদিয়া চাপাখোৱা চহৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগৰ নতুন বালিজান গাঁৱৰ এখন পথাৰত যোৱা ৫ জুনৰ বিয়লি প্ৰায় ৪ বজাত প্ৰায় তিনি কিলোগ্ৰাম ওজনৰ এটি শিল আকাশৰ পৰা সৰি পৰি প্ৰায় তিনি ফুট তললৈ সোমাই যায়।