তিনিচুকীয়াঃ ২৬ মে’ ২০১৭। অসমৰ ইতিহাসত স্বৰ্ণিল আখৰেৰে লিপিবদ্ধ হৈ ৰ’ব এই বিশেষ দিনটো। এই দিনটোতে মুকলি হৈছিল ধলা-শদিয়া সংযোগী দেশৰ দীৰ্ঘতম দলংখন। সমগ্ৰ দেশবাসীয়ে সেই দিনা টিভিৰ পৰ্দাত প্ৰত্যক্ষ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলংখন ৰাইজৰ বাবে মুকলি কৰা ঐতিহাসিক মুহূৰ্তটো।
দলং মুকলিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী, ৰাজ্যিক ৰে’লমন্ত্ৰী ৰাজেন গোহাঁই, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চ’না মিনই। কেবিনেট মন্ত্ৰী পল্লৱ লোচন দাস, সাংসদ কামাখ্যা তাছা, প্ৰদান বৰুৱা, ৰামেশ্বৰ তেলীৰ লগতে অসম-অৰুণাচলৰ একাধিকে বিধায়কো উক্ত অনুষ্ঠানত উপস্থিত আছিল। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীৰ নামত উত্সৰ্গা কৰা এই দলঙৰ নাম সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা সেঁতু হিচাপে ঘোষণা কৰে ৷