চাবুৱাঃ অহা ৩০ জুনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে জনজাতিকৰণৰ আৰ্হিৰ প্ৰতিবেদন ৰাজহুৱা নকৰিলে অহা পহিলা জুলাইৰ পৰা এলানি দীৰ্ঘম্যাদী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণৰ হুংকাৰ দিছে সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনে৷ মূলতঃ ছয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ নেতৃবৰ্গৰ সৈতে কেন্দ্ৰীয় চৰকাৰে কেইবালানি আলোচনা কৰাৰ পাছতো জনজাতিকৰণৰ সন্দৰ্ভত কোনো ধৰণৰ স্পষ্ট ছবি দাঙি ধৰিব নোৱাৰিলে ।
সেয়েহে ৩০ জুনৰ পূৰ্বে যদি ম’ডেলিটিৰ প্ৰতিবেদন ৰাজহুৱা নকৰে তেন্তে সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনে জনজাতিকৰণৰ দাবীত ১ জুলাইত পুত্তলিকা দাহ কাৰ্যসূচীৰে আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰি জুলাই মাহৰ প্ৰথমটো সপ্তাহ প্ৰতাৰণা দিৱস হিচাবে পালন কৰিব৷ তদুপৰি ১০ জুলাইত প্ৰতি জিলা সদৰত অৱস্থান ধৰ্মঘট , ১৭ জুলাইত ৰেল অৱৰোধ তথা অন্যান্য কাৰ্যসূচী ৰূপায়ন কৰিব বুলি সন্মিলনে প্ৰকাশ কৰিছে ।