মোৰাঝাৰঃ আপুনি শিক্ষিত হওঁক বা অশিক্ষিত হওঁক৷ যদি কোনো কাম নকৰি সহজতে ধনী হোৱাৰ কামনা কৰে তেন্তে ছাত্ৰ সংগঠনত যোগ দিয়ক৷ ছাত্ৰ সংগঠনত যোগ দিলেই ভয়-ভাবুকি, ধন দাবীৰে নিজৰ প্ৰয়োজনীয় সকলো কাৰ্য সুকলমে পৰিচালিত কৰাৰ লগতে সহজে নিবনুৱাৰ পৰা বনুৱা হৈ পৰিব৷ হোজাই জিলাৰ ডবকা, নীলবাগান, মোৰাঝাৰ আদি অঞ্চলৰ একাংশ ছাত্ৰ নেতাৰ কাৰ্যকলাপত ত্ৰাহি মধুসূধন সুঁৱৰিব লগা হৈছে সাধাৰণ জনতাই৷
সামাজিক কাম-কাজৰ দায়বদ্ধতাৰে গঠন হোৱা হোজাইৰ একাংশ দল সংগঠনৰ একাংশ কৰ্মীয়ে শিল-বালি কঢ়িওৱা গাড়ী ধৰি কমিছন সংগ্ৰহ কৰা, ভয়-ভাবুকিৰে ধনদাবী কৰা আদি কাৰ্যত লিপ্ত হোৱাত ছাত্ৰ সংগঠনবোৰৰ বিৰুদ্ধে স্থানীয় জনগণ ক্ষোভিত হৈ পৰিছে৷ আমছুৰ কেন্দ্ৰীয় নেতা আহমদ হুছেইন গোটৰ এজন আমছু কৰ্মীৰ বিৰুদ্ধে এজন নিৰীহ ব্যক্তিয়ে মোৰাঝাৰ থানাত ধনদাবীৰ গোচৰ দাখিল কৰাৰ এক ঘটনাই হোজাই জিলাত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷