76
ডিজিটেল ডেস্কঃ জুইৰ লেলিহান শিখাই আগুৰি ধৰিছে এটি অট্টালিকা, ভিতৰত শ শ মানুহ আবদ্ধ হৈ আছে। এনেকুৱা এটা সময়ত নিজৰ প্ৰাণ যেনি-তেনি বচাই উদ্ধাৰ পোৱাৰ কথাহে হয়তো সকলোৰে মনলৈ আহিব।
কিন্তু এগৰাকী মাতৃয়ে কেনেদৰে নিজ সন্তানক এৰি যাব পাৰিব! সেয়ে কিংকৰ্তব্য বিমূঢ় হোৱা মাতৃয়ে অৱশেষত সিদ্ধান্ত ল’লে যে নিজে বাচক বা নাবাচক, কোলাৰ সন্তানটি বাচিব লাগিব। সেয়ে দহ মহলাৰ পৰা তলত দেখা ভিৰলৈ দলিয়াই দিলে নিজ শিশুটো। এই ভাষ্য প্ৰত্যক্ষদৰ্শীৰ।