মঙলদৈঃ ৰাজ্যৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ পুতৌ লগা ছবি। শিক্ষকৰ অনুপস্থিতিৰ বাবে আজি এখন প্ৰাথমিক বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকল বঞ্চিত হ’বলগীয়া হৈছে দ্বিতীয় মূল্যাংকন পৰীক্ষাৰ পৰা। দৰং জিলাৰ থেকেৰাবাৰীস্থিত বিদ্যালয়খনৰ তিনি গৰাকী শিক্ষকৰ এগৰাকীও উপস্থিত নথকাত প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেণী কোঠাৰ ভিতৰত-বাহিৰত খেল-ধেমালি কৰি অতিবাহিত কৰিছে মূল্যৱান সময়।
এই কাৰ্য্যত ক্ষোভিত অভিভাৱকসকলে প্ৰাথমিক বিদ্যালয়খন ঘেৰাও কৰি পৰিৱেশ উত্তাল কৰি তোলে। দৰং জিলাৰ কলাইগাওঁ প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত ধনখুন্দা প্ৰাথমিক বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে তিনি গৰাকীকৈ শিক্ষকৰ অনুপস্থিতিৰ ফলত দ্বিতীয় মূল্যাংকন পৰীক্ষাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে।