87
লংকাঃ হোজাই জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত শিক্ষকৰ বাবে প্ৰতিবাদ কৰিবলৈ ওলাই আহিল কৃষক।ঠিকাভিত্তিত শিক্ষকসকলৰ চাকৰি নিয়মীয়া কৰাৰ দাবীত আজি প্ৰতিবাদত নামিল কাকী ডিমৰু পথাৰবাসী ৰাইজ।
হোজাইৰ শংকৰদেৱ নগৰস্থিত জিলা উপায়ুক্তৰ কাৰ্যালয়ত আৱাল, বৃদ্ধ, বনিতাই শ্ল’গান দিলে মানৱ সম্পদ গঢ়া খনিকৰৰ বাবে৷ সমগ্ৰ দেশত কৃষকৰ সমস্যা সমাধানৰ বাবে তীব্ৰ প্ৰতিবাদ কৰি থকাৰ মাজতে অসমৰ কৃষকে প্ৰতিবাদ কৰিলে ভৱিষ্যত প্ৰজন্মক সম্পদ হিচাপে গঢ় দিয়া শিক্ষকৰ বাবে৷