ডিফুঃ দ্বাদশ কাৰ্বি স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে জিলা প্ৰশাসনে৷ পশ্চিম কাৰ্বি আংলঙৰ ২৫২টা, পূৱ কাৰ্বি আংলঙ জিলাৰ ডিফু হাওৰাঘাট আৰু বোকাজানৰ ৫৬১টা সহ মুঠ ৮১৩টা ভোট কেন্দ্ৰলৈ নিৰ্বাচনী বিষয়া-কৰ্মীৰ দল ইতিমধ্যে ৰাওনা হৈছে৷ আজি পুৱাৰ ভাগৰ পৰা কিনকিনিয়া বৰষুণ দি থকাৰ মাজতে সকলো ধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি দূৰ্গম এলেকালৈ নিৰ্বাচনী বিষয়া-কৰ্মীক পঠোৱাত সহায় কৰিছে জিলা প্ৰশাসনে৷
এইবাৰ নিৰ্বাচনত জিলা প্ৰশাসনে ১৬১ ভোট কেন্দ্ৰক স্পৰ্শ কাতৰ ২৪৮টাক তুলনামূলক স্পৰ্শ কাতৰ আৰু ১৫৪টাক অতি স্পৰ্শ কাতৰ বুলি চিনাক্ত কৰাৰ লগতে পশ্চিম কাৰ্বি আংলঙতো স্পৰ্শ কাতৰ ১০৭টা, তুলনামূলক স্পৰ্শ কাতৰ ৬৪টা আৰু অতি স্পৰ্শকাতৰ ৮৪টা ভোট কেন্দ্ৰ চিনাক্ত কৰে৷ আনহাতে পশ্চিম কাৰ্বি আংলঙত ১,৮৩,১৬৮ মুঠ ভোটাৰৰ বিপৰিতে পুৰুষ ৯৪,৭১৮ জন আৰু ৮৮,৪৫০ গৰাকী মহিলা৷ পূৱ কাৰ্বি আংলঙতো ৪,১৪,৪৬০ মুঠ ভোটাৰৰ ২,১২,০৮৩ জন পুৰুষৰ বিপৰীতে ২,০২,৩৭৭ গৰাকী মহিলাই তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিব৷