77
কামপুৰঃ গুৱাহাটী মহানগৰীৰ লগতে কৃত্ৰিম বানে স্পৰ্শ কৰিছে মচফলীয় নগৰ-চহৰসমূহকো। বিগত কিছুদিন ধৰি হৈ থকা নেৰা-নেপেৰা বৰষুণৰ ফলত নগাঁও জিলাৰ কামপুৰ নগৰতো অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে কৃত্ৰিম বানে।
কৃত্ৰিম বানে নগৰখনত ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পিছতো কুম্ভ কৰ্ণ নিদ্ৰাত মগ্ন হৈ আছে কামপুৰ নগৰ সমিতি। স্থানীয় লোকে একাধিকবাৰ আবেদন-নিবেদন কৰাৰ পাছতো নগৰ সমিতিখনে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে।