ডিজিটেল ডেস্কঃ অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই বিজেপিয়ে ঘোষণা কৰিলে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী। প্ৰায় দুঘণ্টা ধৰি দলৰ শীৰ্ষ নেতাসকলৰ সৈতে চলা বৈঠকৰ অন্তত ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ঘোষণা কৰে প্ৰাৰ্থীগাৰকীৰ নাম।
এই অনুযায়ী এইবাৰ বিজেপি তথা এন ডি এৰ হৈ দেশৰ সৰ্বোচ্চ সাংবিধানিক পদটোৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়াব বিহাৰৰ ৰাজ্যপাল ৰাম নাথ কোবিন্দে। কোবিন্দ বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰৰ দায়িত্বতো আছিল। দলৰ দলিত মৰ্চাৰ শীৰ্ষ দায়িত্বতো কাৰ্যনিৰ্বাহ কৰিছিল কোবিন্দে।