কোকৰাঝাৰঃ বিটিএডিৰ কোকৰাঝাৰ জিলাত বিগত ২০১২ চনৰ গোষ্ঠীগত সংঘৰ্ষৰ সময়ছোৱাত নিয়োজিত ৫০০জন গৃহৰক্ষী বাহিনীৰ জোৱানক তিনি মাহৰ দৈনিক ভাট্টা মোকলাই নিদিয়াত তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাই৷
আজি এক প্ৰেছ বিবৃতিযোগে সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থাৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি জিতেন চন্দ্ৰ বৰ্মন আৰু সম্পাদক বৰহান কাৰ্জীয়ে তীব্ৰ ক্ষোভ ব্যক্ত কৰি অচিৰেই চলিত বৰ্ষৰ যোৱা এপ্ৰিল, মে’ আৰু জুন মাহৰ দৈনিক ভাট্টা মোকলাই দিয়াৰ দাবী জনাইছে৷