61
মাৰ্ঘেৰিটাঃ উজনি অসমত পুনৰ আৰক্ষীৰ জালত পৰিছে গোৰ্খা লিবাৰেশ্যন আৰ্মীৰ সদস্য। যোৱা ১৬ জুনত তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী ৰামপুৰ পাঁচ মাইলৰ পৰা আটক কৰা সংগঠনটোৰ ৰাজেশ লামা নামৰ সদস্যজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আজি গোলাঘাটৰ চুঙাজানৰ পৰা উক্ত সদস্যজনক কৰায়ত্ত কৰে।
প্ৰাপ্ত বাতৰি মতে, ৰাজেশৰ স্বীকাৰোক্তি অনুসৰি আজি পুৱতি নিশা চুঙাজান অঞ্চলত অভিযান চলাই বাবু কোঁৱৰ নামৰ গোৰ্খা লিবাৰেশ্যন আৰ্মীৰ সদস্যজনক কৰায়ত্ত কৰিবলৈ সমৰ্থ হয়।