জয়সাগৰঃ এইবাৰ ট্ৰাইবেল সংঘ বনাম তাই আহোম ছাত্ৰ সন্থা৷ ট্ৰাইবেল সংঘ তথা জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে কাইলৈ পুৱা ৫ বজাৰ পৰা আহ্বান জনোৱা হৈছে ২৪ ঘন্টীয়া অসম বন্ধ কাৰ্যসুচী ঘোষণাৰ পাছতে ট্ৰাইবেল সংঘৰ সভাপতি আদিত্য খাখলাৰীক কঠোৰ সকীয়নি প্ৰদান কৰিছে সদৌ তাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৱে৷
আটাছুৱে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ বিৰোধিতা কৰি জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে আহ্বান জনোৱা অসম বন্ধৰ ঘোৰ বিৰোধিতা কৰে৷ শিৱসাগৰৰ ঐতিহাসিক কাৰেং ঘৰৰ বাকৰিৰ পৰা সদৌ তাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৱে বহুদিনৰ পৰা অসমৰ ৬ জনগোষ্ঠীয়ে দাবী কৰি অহা জনজাতিকৰণৰ দাবীক বিগত দিনত কংগ্ৰেছ চৰকাৰ আৰু বৰ্তমান বিজেপি চৰকাৰে কোনো গুৰুত্ব দিয়া নাই বুলি অভিযোগ উত্থাপন কৰে৷