ওদালগুৰিঃ ১৯৯০ চন মানৰ কথা৷ তেতিয়াৰ দৰং বৰ্তমানৰ ওদালগুৰি জিলাৰ এখন ভিতৰুৱা ঠাইলৈ আগমন ঘটিছিল এগৰাকী সাধুৰ৷ সাধুগৰাকীৰ সৈতে আছিল কেবাগৰাকী সংগী৷ সাধুৰ আগমন ঘটা এই বিশেষ ঠাইখন হৈছে বান্দৰগুৰি৷
বান্দৰগুৰিত উপস্থিত হৈয়ে স্থানীয় লোকসকলৰ সৈতে যোগশিক্ষা সম্পৰ্কে আলচ কৰিছিল সাধুৰ দলটোৱে৷ স্থানীয় লোকসকলেও এই ক্ষেত্ৰত আগ্ৰহ প্ৰদৰ্শন কৰাত কিছুদিন পিছতে বয়োজ্যেষ্ঠসকলৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলক এটা বিশেষ গৃহত যোগৰ প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰে৷