অভয়াপুৰীঃ সাহস থাকিলে বিপদ পলাই ফাট মাৰিবলৈ বাধ্য হয়। তাকেই প্ৰমাণ কৰি দেখুৱালে বঙাইগাঁও জিলাৰ যোগীঘোপাৰ এগৰাকী ছাত্ৰীয়ে। ছাত্ৰীগৰাকীৰ এই সাহসে এতিয়া বহুতকে অনুপ্ৰাণিত কৰি তোলাৰ লগতে অসৎ মনোবৃত্তিৰ লোকসকলক অলপ হ’লেও ভয় খুৱাবলৈ সমৰ্থ হৈছে।
জানিব পৰা মতে অইন দিনাৰ দৰে মঙলবাৰেও নিজ গৃহৰ পৰা ছাত্ৰীগৰাকী এখন টেম্প’ৰে বিদ্যালয়লৈ গৈ আছিল। সেই সময়তে লম্পট টেম্প’ চালক আৰু এটা সহযোগী লম্পটৰ দলে পৰিকল্পিতভাৱে অসৎ কামনা চৰিতাৰ্থ কৰাৰ উদ্দেশ্যে ভিতৰুৱা পথেৰে নিবলৈ চেষ্টা কৰিছিল।