কোকৰাঝাৰ/ওদালগুৰিঃ অৱশেষত গোৰ্খালেণ্ড আন্দোলনৰ প্ৰভাৱ অসমলৈও বিস্তাৰিত হ’ল। গোৰ্খালেণ্ডৰ প্ৰতি সমৰ্থন আগবঢ়াই তথা বডোলেণ্ডৰ দাবীৰ সমৰ্থনত আজি ৰাজ্যৰ জিলা সদৰ আৰু মহকুমা সদৰত এবছু, এনডিএফবি(প্ৰ) আৰু জইণ্ট একচন কমিটি ফৰ বডোলেণ্ড মুভমেণ্টৰ যৌথ উদ্যোগত আৰু আগছুৰ সহযোগিতাত জোৰ লৈ সমদল কাৰ্যসূচী ৰূপায়িত হয়।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি কোকৰাঝাৰতো নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছু , এনডিএফবি (প্ৰ) , জইণ্ট একচন কমিটি ফৰ বড়োলেণ্ড মুভমেণ্ট আৰু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা চমুকৈ আগছুৱে যৌথভাৱে পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ দাবীত আৰু গোৰ্খালেণ্ড দাবীৰ সমৰ্থনত জোৰ লৈ সমদল উলিয়ায়৷ আজি সন্ধিয়া ৬ বজাত কোকৰাঝাৰস্থিত বডোফা শিশু উদ্যানৰ পৰা উল্লেখিত সংগঠন কেইটাৰ সহস্ৰাধিক নেতা, কৰ্মী- সদস্যই হাতে হাতে জোৰ লৈ সমদল উলিয়ায়৷