61
ওৰাংঃ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ গাছপাৰা বন শিবিৰৰ অন্তৰ্গত অঞ্চলৰ পৰা দিনৰ ভাগতে চোৰাং চিকাৰীয়ে গঁড় হত্যা কৰি খড়্গ কাটি লৈ যায়। দিনৰ ভাগত সংঘটিত ঘটনাটো বন বিভাগে বহু পলমকৈ প্ৰশাসনক অৱগত কৰাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
উল্লেখ্য যে, কিছুদিন পূৰ্বে দৰং আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি সোমবাৰে নিশা অভিযান চলাই তিনিগৰাকী চোৰাং গঁড় চিকাৰীক অবৈধ অস্ত্ৰসহ আটক কৰিবলৈ সক্ষম হৈছিল।