ৰঙিয়াঃ ৰঙিয়াৰ চাপনিয়াত আজি নামনি অসমৰ প্ৰথমখন ডিজিটেল ভিলেজৰ শুভ উদ্বোধন কৰা হয়। কেন্দ্ৰীয় বিত্ত ৰাজ্যিক মন্ত্ৰী সন্তোষ গাংগোৱাৰে আজি ডিজিটেল ভিলেজখনৰ শুভ উদ্বোধন কৰে।
মঙ্গলদৈ লোক সভাৰ সাংসদ ৰমেন ডেকা, ৰঙিয়া সমষ্টিৰ বিধায়ক ভবেশ কলিতা, ভাৰতীয় ষ্টেট বেংকৰ উত্তৰ পূৱ-সীমান্তৰ মুখ্য মহাপ্ৰৱন্ধক পিএছএলভিএন মূৰ্ত্তি, মহা প্ৰৱন্ধক ঔম প্ৰকাশ মিশ্ৰ, উপ-মহা প্ৰৱন্ধক যোগেশ চন্দ্ৰ চাহু আৰু গৌতম ৰায় চৌধুৰীৰ লগতে বহু কেইজন বেংক বিষয়া উপস্থিত থকা অনুষ্ঠানটোত বেংকৰ বিপণীৰ শুভ উদ্ধোধন কৰা হয়।