হোজাইঃ হোজাই জিলাৰ ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত ন’মাটী মৌজাৰ মৌজাদাৰক আজি মৌজাদাৰ পদৰ পৰা নিলম্বন কৰাত চাঞ্চল্যৰ সৃষ্টি হৈছে মৌজাটোত৷ হোজাইৰ উপায়ুক্তই এক নিৰ্দেশযোগে মৌজাদাৰৰ দায়িত্বৰ পৰা নিলম্বন কৰে মৌজাদাৰ হৰেন বৰাক৷
হোজাইৰ উপায়ুক্ত এচ লক্ষ্মননৰ এইচ জে এল এল ১-৯৯-১৯২নং পত্ৰৰ নিৰ্দেশমৰ্মে নমাটী মৌজাৰ মৌজাদাৰ হৰেন বৰাক চৰকাৰী ৰাজহৰ বিত্তীয় খেলিমেলিৰ অভিযোগত তৎকালীনভাৱে বলৱৎ হোৱাকৈ নিলম্বন কৰে৷ মৌজাদাৰগৰাকীক নিলম্বন কৰাৰ পিছত উপায়ুক্তগৰাকীয়ে নমাটি মৌজাৰ সমস্ত দায়িত্ব ডবকা ৰাজহ চক্ৰ বিষয়াক অৰ্পণ কৰে৷