নগাঁওঃ প্ৰতিবছৰে ২৪ জুনৰ দিনটো আহিলেই নগাঁও জিলাবাসীৰ মনত ভাহি উঠে এটি কলংকিত কৰুণ ইতিহাসৰ কথা৷ কোনে পাহৰিব সেনা বাহিনীয়ে সেইদিনটোত সংঘটিত কৰা দানৱীয় ঘটনাৰ কথা৷ সেনা বাহিনীয়ে ২৩ বছৰ পূৰ্বে আজিৰ দিনটোতে পাশৱিক অত্যাচাৰ চলাই ৫ জনকৈ সুন্দৰ-সুঠাম যুৱকক হত্যা কৰাতে ক্ষান্ত নাথাকি মৃতদেহকেইটা ওপৰা-উপৰিকৈ জাপি টায়াৰ আৰু কেৰাচিন ঢালি জ্বলাই দিছিল।
নগাঁওবাসীৰ লগতে সমগ্ৰ অসমৰ প্ৰতিজন অসমীয়াক সেনাই উপহাৰ দিছিল এটা তেজে ধোঁৱা দিন ৷ স্মৰ্তব্য যে ১৯৯৪ চনৰ ২৪ জুনত আলফা দমনৰ নামত সেনা বাহিনীয়ে নগাঁৱৰ পাঁচজনকৈ যুৱকক চৰম বৰ্বতাৰে হত্যা কৰাৰ উপৰি মৃতদেহকেইটা জ্বলাই দিছিল ৷ ঘটনাৰ স্থান আছিল জিলাখনৰ দক্ষিণ-পশ্চিমত অৱস্থিত কাৰ্বি আংলং জিলাৰ চিতলমাৰে নামৰ এখন অতি ভিতৰুৱা গাঁও৷