62
কোকৰাঝাৰঃ অসম আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰা এনডিএফবি(এছ)ৰ মোষ্ট ৱাণ্টেট কেডাৰ খনিন্দৰ বসুমতাৰী ওৰফে খৌচিৰ সহযোগীক কালি কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰী থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৱৰ্তী এলেকা ঝাৰবাৰীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা খাৰোৰ সহযোগীজনক জিলাখনৰ আউজাৰগুৰী, হল্টুগাওঁৰ সমৰ নাৰ্জাৰীৰ পূত্ৰ বীৰখাং নাৰ্জাৰী(২৩)বুলি চিনাক্ত কৰা হৈছে।