ধিংঃ এইবাৰ গাঁও পালে কাট অফ মাৰ্ক৷ কাট অফ মাৰ্কে এতিয়া চিন্তিত কৰি তুলিছে কম নম্বৰ পাই উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক৷ দিল্লী নতুবা গুৱাহাটীৰ কোনো আগশাৰীৰ মহাবিদ্যালয়ৰ দৰে কাট অফ মাৰ্কৰ কবলত পৰিছে জকাইচুকৰ ছাত্ৰ-ছাত্ৰী৷
নগাঁও জিলাৰ ধিঙৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান ধিং মহাবিদ্যালয়ত বহু ছাত্ৰ-ছাত্ৰীয়ে নাম ভৰ্তি কৰাৰ সুবিধা নাপায় শিক্ষা আধাতে সামৰিব লগা পৰিবেশৰ সৃষ্টি হৈছে। ধিং মহাবিদ্যালয়ে ধাৰ্য কৰি দিয়া কাট অফ মাৰ্কে এতিয়া বহু ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ অমানিশা কঢ়িয়াই অানিছে।