কোকৰাঝাৰঃ জিএচটি বলৱৎ হবলৈ মাজতে মাথো এটা দিন বাকী থকা অৱস্থাত কোকৰাঝাৰ জিলাৰ বিক্ৰীকৰ পৰিদৰ্শক ৰিপুঞ্জয় দেৱ শৰ্মাক আজি দূৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ বিভাগে দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।
কোকৰাঝাৰৰ কৰ অধীক্ষকৰ কাৰ্যালয়তে তথা বিক্ৰীকৰ বিভাগৰ পৰিদৰ্শকৰগৰাকীৰ নিজ কোঠাতে ব্যৱসায়ী এগৰাকীৰ পৰা এক লাখ টকা উৎকোচ লৈ থাকোতে বিক্ৰীকৰ পৰিদৰ্শকগৰাকীক গুৱাহাটীৰ পৰা অহা দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰক শাখাৰ দল এটিয়ে উৎকোচ লৈ থকা অৱস্থাতে হাতে লোটে গ্ৰেপ্তাৰ কৰা ঘটনাই কোকৰাঝাৰত দূৰ্নীতিৰ ভয়াৱহতা উদঙাই দিছে।