বাঘবৰঃ বেকী নৈৰ বাঢ়নী পানীত কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কামাৰপাৰা, মেৰকুৰ, গুইলেজা, ভেৰাগাও আৰু বৰডাংগাকে ধৰি ২০খনকৈ ৰাজহ গাঁও জলমগ্ন হৈ পৰাত সহস্ৰাধিক পৰিয়াল বানপানীত আক্ৰান্ত হৈছে। যোৱা দুদিন ধৰি হোৱা বানপানীত উত্তৰ বৰডাংগা এল পি স্কুল, ৬৬৭ নং খাটাকুছি এল পি স্কুল আৰু কামাৰপাৰা হাইমাদ্ৰাছাসহ তিনিখন বিদ্যালয় জলমগ্ন হৈ পৰাত পাঠদান বন্ধ হৈ পৰিছে।
লগতে কামাৰপাৰা হাইমাদ্ৰাছাৰ শ্ৰেণী কোঠাত একাঠুৰ ওপৰত পানী সোমোৱাত ছাত্ৰ-ছাত্ৰীসকলে কাপোৰ-কানি তিয়াই ৰাস্তাৰ ওপৰত পৰীক্ষাত বহিব লগা হৈছে। স্মৰ্তব্য যে, যোৱা ১৯ জুনৰ পৰা ছাত্ৰ-ছাত্ৰীৰ ছয় মাহিলী পৰীক্ষা আৰম্ভ হৈছে যদিও চৰকাৰে কোনো পদক্ষেপ নোলোৱাত পানীৰ মাজতে ৰাস্তাৰ ওপৰত কামাৰপাৰা হাই মাদ্ৰাছাৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ বাধ্য হৈছে বিদ্যালয় কৰ্তৃপক্ষই।